কেঁকুৰী পমুৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাহাকাৰ গঞা।
সামূহিক চাফাই অভিযান মিছিং জাতীয় সংগঠনৰ।
ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত বৃহত্তৰ কেঁকুৰী দাংধৰা অঞ্চলৰ একমাত্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে জনসাধাৰণ।
৬মাহ ধৰি চিকিৎসকৰ অবিহনে চলি আছে এইখন চিকিৎসালয়।চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ এতিয়া ৰাইজে টকা খৰচ কৰি ৰোগীক চিকিৎসা কৰিবলৈ যাব লগা হৈছে ঢকুৱাখনা অথবা লখিমপুৰলৈ।
বিজেপি শাসনাধীন চৰকাৰ খনে চিকিৎসাৰ ক্ষেত্ৰত উন্নতি তথা কল্যান হৈছে বুলি মেলে মিটিংযে ফুলাজাৰী ভাষণ মৰা মন্ত্ৰী তথা বিধায়কৰ অমনোযোগিতাৰ কাৰণে সামান্য প্ৰাথমিক চিকিৎসাৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে।যাৰ বাবে স্থানীয় সংগঠন তথা ৰাইজে বিধায়ক নৱকুমাৰ দলেৰ কোনোধৰণৰ ভূমিকা গ্ৰহণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ লগতে মন্ত্ৰী কেশৱ মহন্তক অতি সোনকালে এইখন চিকিৎসালয়ত চিকিৎসক নিযুক্তি দিবলৈ আহ্বান জনাইছে।
ইফালে চিকিৎসালয় খনৰ চৌদিশ হাবি জংঘলেৰে ভৰি সামাজিক পৰিবেশ বিনষ্ট তথা অপৰিষ্কাৰ হোৱাৰ বাবে মিচিং ছাত্ৰ সন্থাৰ ডাংধৰা আঞ্চলিক সমিতিৰ অধশতাধিক কৰ্মীয়ে হাতে হাতে দা লৈ আৰু টেক্টৰ লগাই চাফাই অভিযান কৰে।।
 
  
  
   
   
  