বহি ৰাজ্যত কাম কৰিবলৈ গৈ ৰেলৰ পৰা পৰি সন্ধানহীন ঢকুৱাখনা যুৱক।
ঢকুৱাখনাৰ চাৰিয়ালি চাপৰিৰ ভোলা গগৈৰ পুত্ৰ জিতু গগৈ যোৱা শনিবাৰে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যোৱা 'বিবেক এক্সপেছ' যোগে গৈছিল কেৰেলালৈ।
২২৫০৪ নম্বৰৰ ৰেলখনে সোমাবাৰে গধূলি অন্ধপ্ৰদেশ পাৰ হৈ তামিলনাডুৰ'ৰাজামুণ্ডী'ষ্টেচন পাৰ হৈ 'হলুৰু'ষ্টেচন পোৱাৰ মাজ ভাগতে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময় পূৰ্বে কথা পাতি মূৰ ঘোৰোৱা বুলি জনাইছিল পত্নীক। তাৰ পিছতে ৰেলৰ পৰা পৰি যোৱা বুলি জনাইছিল আন এজন সহাযাত্ৰীয়ে।
যুৱকজনৰ ৬৯০০৬৪৫১৪১নম্বৰৰ ফোনটো ৰিং হৈ আছিল যদিও দুদিনলৈ কোনেও ফোনটো ৰিচিভ কৰা নাই।যুৱক জনৰ কোনো সন্ধান পোৱা নাই বৰ্তমানলৈকে।
ঘৰৰ বৃদ্ধ পিতৃ মাতৃ, পত্নী আৰু দুগৰাকী কণ্যা সন্তান থাকি যোৱা অৱস্থাত এক হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে।।