মৰাণৰ সমীপৰ বামুনবাৰী অঞ্চলৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী যুৱতী আৰু এগৰাকী বোৱাৰী । দুষ্ট চক্ৰই বহিঃ ৰাজ্যত বিক্ৰি কৰাৰ সন্দেহ ভূক্তভোগী পৰিয়াল আৰু স্থানীয় ৰাইজৰ । একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱতী- মহিলাক টাৰ্গেত কৰি লৈছে দুষ্ট চক্ৰই । যোৱা ১ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে ২ নং দিঘলীয়া গাঁৱৰ ৰমেশ প্ৰজাৰ পত্নী পূজা প্ৰজা (২২) । এটি ৬ মহীয়া কেঁচুৱা এৰি থৈ গৈছে মহিলাগৰাকীয়ে । পৰিয়াল লোকে বিভিন্ন ঠাইত বিচাৰ-খুচাৰ কৰাত বামুনবাৰী তিনিআলি নিবাসী পূৰ্ণিমা ৰয় আৰু ২ নং দিঘলীয়া নিবাসী খ্ৰীষ্টমণি বাৰ্লা নামৰ মহিলা দুগৰাকীয়ে ৰাজস্থানলৈ প্ৰেৰন কৰা বুলি অৱগত হয় । ইয়াৰ পিছতে ৰমেশ প্ৰজাই স্থানীয় ৱাৰ্ড সদস্যগৰাকীক লগত লৈ পূৰ্নিমা ৰয়ৰ ঘৰলৈ পত্নীক বিচাৰি যায় কিন্তু, পূৰ্নিমা ৰয়ে 'আমাৰ ঘৰত নাই, সেই বিষয়ে একো নাজানো' বুলি কয় । পূজা প্ৰজাই বামুনবাৰীৰ পূৰ্নিমা ৰয়ৰ ঘৰলৈ এখন ই-ৰিক্সাত আহিছিল । ই-ৰিক্সা চালকজনেও অৱগত কৰিছে এই কথা । অৱশেষত আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোকে । আৰক্ষীয়ে সোধা-পোচা কৰি তদন্ত অব্যাহত ৰাখিছে । 

ইফালে, পূৰ্নিমা আৰু খ্ৰীষ্টমনি নামৰ মহিলা দুগৰাকীৰ জালত পৰি বামুনবাৰী তিনিআলিৰ এগৰাকী ২০ বছৰীয়া যুৱতী সন্ধানহীন হৈ থকাৰ অভিযোগ পৰিয়ালৰ লোকৰ । 

ৰাধিকা বৰাইক নামৰ যুৱতীগৰাকী প্ৰায় ৬ মাহ ধৰি সন্ধানহীন হৈ আছে । স্থানীয় বামুনবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে পৰিয়ালৰ লোকে । শেহতীয়াকৈ সন্ধানহীন যুৱতীগৰাকীক ৰাজস্থানত বিক্ৰি কৰা বুলি খৱৰ পোৱাৰ পিছতে পুনৰ কাষ চাপিছে আৰক্ষীৰ ।