ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ উদ্যানত উলহ মালহেৰে ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।
ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ উদ্যোগত ৰহা নতুনচাৰিআলী ত পূবা ৮বজাত অনুষ্ঠিত ৭৭সংখ্যক স্বাধীনতা দিৱস ত ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক ধ্ৰুব পাতৰে পতাকা উওোলন কৰে আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।
এই উপলক্ষে ৰহা আঞ্চলিক শ্ৰমিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা তথা ৰহা নগৰ মন্ডল বিজেপি ৰ সভাপতি ৰাজেন গাঁওখোবা,সভাপতি দিগেন বৰদলৈ,সম্পাদক টুটু গাঁওখোবা সহ সদস্য সকল উপস্থিত থাকে।