আজি হোজাই জিলা আমছুৰ এটি সজাতি দলে হোজাই আৰক্ষী অধীক্ষক ৰুন পুৰকায়স্থক লগ ধৰি হোজাই জিলাৰ দুখীয়া কৃষক ৰাইজে যাতে তেওঁলোকে পোহা গো-ধন সমূহ বজাৰত বিক্ৰি কৰাত যাতে সমস্যাৰ সৃষ্টি নহয় তাৰে দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ হোজাই জিলা আমছুৰ নেতৃত্বই প্ৰদান কৰা স্মাৰক পত্ৰ খনত উল্লেখ কৰে যে হোজাই জিলাৰ এক বিস্তিৰ্ণ এলেকা হৈ যোৱা বানৰ কৱলত পৰিছে ৷ এই গো-পালক আৰু কৃষক সকলে নিজে পোহা গো-ধন এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰিবলৈ আৰু বানত সৰ্বহাৰা হৈ আৰ্থিক অনাতনত ভূগা এই সকলে গো-ধন বিক্ৰি কৰিবলৈ যাওঁতে নানা সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ কৰে তেওঁলোকে ৷ আনকি এটি দুষ্ট চক্ৰই কৃষক আৰু গো-পালক সকলে নিজৰ গো-ধন এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰোতে বেআইনী ভাবে বিভিন্ন হাৰাশাস্তি কৰি আহাৰো অভিযোগ কৰে আমছু নেতৃত্বই ৷ দুখীয়া কৃষক ৰাইজৰ বৃহত স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহন কৰিবলৈ আমছু নেতৃত্বই জিলা আৰক্ষী অধীক্ষক গৰাকীক দাবী জনায় ৷
হোজাই জিলাৰ দুখীয়া কৃষকে নিজে পোহা গো-ধন বিক্ৰিৰ ক্ষেত্ৰত ভূগী অহা সমস্যা দূৰ কৰাৰ বাবে হোজাইৰ আৰক্ষী অধীক্ষক জিলা আমছুৰ স্মাৰক পত্ৰ প্ৰদান
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_57b50c851f44337f55414a4e19d29acb.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)