চৰকাৰৰ নতুন নীতিয়ে অসমীয়া ঠিকাদাৰক মাধমাৰ শোধাব ঃ অসম সেনা

যোৰহাট : ধাৰৰ বোজাত পোঁত খাই থকা অসম চৰকাৰে নিজৰ ৰাজকোষ চহকী কৰাৰ স্বাৰ্থত ৰাজ্যৰ ঠিকাদাৰ সকলৰ ওপৰত মাধমাৰ শোধোৱাৰ এক কাৰ্য পৰিলক্ষিত হৈছে। যোৱা ইং ৮ আগষ্ট তাৰিখে অসম চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিবে প্রকাশ কৰা এক নিৰ্দ্দেশনা অনুসৰি বিভাগটোত ঠিকাদাৰৰ পঞ্জীয়নৰ নতুন নিৰিখ ধাৰ্য্য কৰা হৈছে। এই সন্দৰ্ভত যোৰহাটত 'অসম সেনা'ই এখন সংবাদ মেল অনুষ্ঠিত কৰি নিৰ্দ্দেশনাটোৰ বিৰোধীতাৰে তীব্র ক্ষোভ প্রকাশ কৰে। সংবাদমেলখনত ‘অসম সেনা'ৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কয় - ক্লাচ - ৩ৰ আৰু ক্লাচ-২ যি সকল ঠিকাদাৰে য'ত পূৰ্বতে ক্ৰমে ৫০০০ আৰু ১০,০০০ টকাৰে লোকনিৰ্মাণ (পথ) বিভাগত পঞ্জীয়ন কৰিব পাৰিছিল, এতিয়া সেই মূল্য ক্রমে ২৫,০০০ আৰু ৫০,০০০ কৰিব বিচাৰিছে। ঠিক একেদৰে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ নতুন পঞ্জীয়ন নিৰিখ শ্রেণী অনুযায়ী ১ লাখৰ পৰা ৫ লাখ টকা পৰ্য্যন্ত ধাৰ্য্য কৰিছে। অর্থাৎ পূৰ্বৰ তুলনাত ৫০০% পৰ্য্যন্ত হাৰত পঞ্জীয়ন মাছুল বৃদ্ধি কৰিছে।

অতি আশ্চৰ্য্যৰ বিষয় যে, এই নির্দেশনা অনুযায়ী প্রত্যেক তিনিবছৰৰ অন্তত ঠিকাদাৰ সকলে এনে পঞ্জীয়ন মাছুল প্রদান কৰাৰ লগতে ১০,০০০ টকাকৈ আবেদন মাছুলো অতিৰিক্তিভাৱে পৰিশোধ কৰিব লাগিব। কামৰ আৱণ্টন লাভ নকৰা ঠিকাদাৰ সকলৰ বাবে পূৰ্বতে পঞ্জীয়ন মাছুল ঘূৰাই দিয়াৰ এক ব্যৱস্থা আছিল যদিও নতুন নির্দেশনাত বৰ্দ্ধিত নিৰিখৰ পঞ্জীয়ন মাছুল কামৰ আৱণ্টন লাভ নকৰিলেও ঘূৰাই দিয়া নহয় বুলি স্পষ্টভাৱে উল্লেখ আছে। চৰকাৰৰ এনে সিদ্ধান্তই ঠিকাদাৰ সকলক মাধমাৰ সোধাইছে।

এইয়া কোনোকাৰণতে যুক্তিসংগত নহয়। লোকনির্মাণ (পথ) বিভাগটোত সমগ্ৰ অসমতে সৰু- বৰ প্ৰায় লক্ষাধিক অসমীয়া ঠিকাদাৰ নিয়োজিত হৈ স্বাৱলম্বীতাৰে নিজৰ জীৱন-নিৰ্বাহ কৰি থকাৰ লগতে প্ৰক্ৰিয়াটোৰ লগত জড়িত লক্ষাধিক শ্রমিক-বনুৱাসকলকো সংস্থাপন দি আহিছে। এইয়া বিশেষকৈ থলুৱা ঠিকাদাৰসকলৰ প্ৰতি ঘোৰ অবিচাৰ। ৰাজ্যৰ ক্ষুদ্ৰ মজলীয়া ঠিকাদাৰসকলক মাধমাৰ দি পৰ্য্যায় ক্ৰমে তেওঁলোকক কাম লাভৰ পৰা বঞ্চিত কৰি চৰকাৰে বৃহৎ পুঁজিপতি গোষ্ঠীক পেকেজৰ জৰিয়তে ঠিকাৰ দায়িত্ব গতোৱাৰ অন্তনির্হিত উদ্দেশ্য থাকিব পাৰে বুলি আশংকা কৰিছোঁ, অসম সেনাই কোনোকাৰণতে থলুৱালোকৰ স্বাৰ্থ বিঘ্নিত হ'বলৈ নিদিয়ে, এনে থলুৱা বিৰোধী সিদ্ধান্ত বাতিল নকৰিলে জনমত গঢ়ি গণতান্ত্রিক সংগ্রাম গঢ়ি তোলা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে । অসম চৰকাৰে ৫০০০০ থলুৱা যুৱক-যুৱতীক ঠিকা-ঠুকলিৰ জড়িয়তে আত্মসংস্থাপনৰ বাট দিব বুলি সদম্ভে ঘোষণা কৰি কাৰ্য্যতঃ সম্পূৰ্ণ বিপৰীত স্থিতি প্ৰকাশেৰে ইতিমধ্যে পঞ্জীয়নকৃত ঠিকাদাৰসকলকো কর্মহীনহে কৰিব বিচাৰিছে। এতিয়াও ৰাজ্যৰ ঠিকাদাৰসকলক পূর্ব আবণ্টিত কামৰ ২২ হাজাৰ কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে, এইয়া মাছৰ তেলেৰে মাছ ভঁজাৰ কৌশল নহয়টো? মুখ্যমন্ত্রী নেতৃত্বাধীন লোকনিৰ্মাণৰ দৰে এই বিভাগে এনে অদ্ভুত, অবান্তৰ, থলুৱা বিৰোধী নিৰ্দ্দেশনা অনতিপলমে পৰিহাৰ কৰক, অন্যথা গণতান্ত্রিক পন্থাৰে ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ জনোৱা হ'ব। সংবাদ মেলত অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য অৰূপ পূজাৰীকে ধৰি যোৰহাট জিলা সমিতিৰ বিষয়াসকল উপস্থিত থাকে।