বিহাৰত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে আজি ৰাতিপুৱা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ দলৰ নেতা-কৰ্মীৰ সৈতে মিলিত হোৱা বৈঠকত জেডি(ইউ) আৰু বিজেপিৰ মাজত থকা মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে।

৪ বজাত ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰিবলৈও সাজু হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে জেডি (ইউ)ত বিভাজন অনাৰ চেষ্টা চলাই থকাৰ অভিযোগ তুলি নীতিশ কুমাৰ নেতৃত্বাধীন দলে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

নীতিশ কুমাৰে আৰ জে ডি আৰু কংগ্ৰেছক সামৰি মহাগঠবন্ধনৰ ১৬১ জন বিধায়কৰ সৈতে আজি বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।