ভাৰতবৰ্ষৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈয়ো কুণ্ঠাবোধ নকৰা দেশৰ শ্বহীদ বীৰ সেনানীসকলক শ্ৰদ্ধাঞ্জলি জনোৱা তথা তেওঁলোকক স্মৰণ কৰাৰ উদ্দেশ্যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আজি চৰাইদেউ জিলাতো "মেৰী মাটি মেৰা দেশ’ অভিযান আৰম্ভ কৰা হৈছে। 

জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ত এলেকাত আজি মেৰী মাটি মেৰা দেশ’ অভিযানৰ অন্তৰ্গত "বসুধা বন্দন" কাৰ্যসূচীৰ অন্তৰ্গত ৭৫ টিকৈ গছপুলি ৰোপণ কৰা হয়। 

ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু একতাৰ বান্ধোন সুদৃঢ় কৰাৰ লক্ষ্যৰে জিলাখনত ১৩ আৰু ১৪ আগষ্টত শিলাফলকম স্থাপন কৰিবলগীয়া স্থানত "পঞ্চ প্ৰাণ সংকল্প" গ্ৰহণ কৰা হ:ব। এই কাৰ্যসূচীত চৰকাৰী বিভাগসমূহৰ মূৰব্বী বিষয়াসকল, চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে জিলাখনৰ মুক্তি যুঁজাৰুসকল, তেওঁলোকৰ তথা শ্বহীদৰ পৰিয়ালবৰ্গৰ লগতে জনপ্ৰতিনিধি সকলক আমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। 

অহা ১৫ আগষ্টৰ দিনা জিলাখনৰ চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অন্যান্য স্থানত য'ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব, তাতো "পঞ্চ প্ৰাণ সংকল্প" গ্ৰহণ কৰা হ:ব।

উল্লেখযোগ্য যে, যোৱা বছৰৰ দৰে এই বছৰো স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সৰ্বাত্মক ৰূপত "হৰ ঘৰ ত্ৰিৰংগা" অভিযান চলোৱা হৈছে। চৰাইদেউ জিলা প্ৰশাসনে এই অভিযানত জিলাবাসীৰ পূৰ্ণ অংশগ্ৰহণ কামনা কৰিছে।