নেশ্যনেল হেৰাল্ড গোচৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত সোধা-পোছাৰ বাবে আজি কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। 

ইডিৰ এই কাৰ্যৰ বাবে আজি সমগ্ৰ দেশতে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ লগতে অসমতো আজি কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটী ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছী নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। 

হাতে-হাতে প্লেকাৰ্ড আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী অংকিতা দত্তৰ লগতে কেইবাজনো ক্ংগ্ৰেছ কৰ্মীক আৰক্ষীয়ে আটক কৰি লৈ যায়।