ৱাশ্বিংটন, ৯ আগষ্ট। ৭৫ সংখ্যক ভাৰত স্বাধীন উদযাপন অকল দেশতে নহয় বিদেশতো উদযাপন কৰা হ'ব ৭৫ সংখ্যক ভাৰত স্বাধীনতা দিৱস। ১৫ আগষ্টত আমেৰিকাৰ বষ্টনত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এখন বিমানেৰে ২২০ ফুট দীঘল ভাৰত-আমেৰিকাৰ পতাকা উত্তোলন কৰিব। য'ত ৩২ খন দেশৰ প্ৰতিনিধিও এই অনুষ্ঠানত উপস্থিত থাকিব।
মেচাচুচেটছৰ গভৰ্ণৰ চাৰ্লি বেকাৰে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰক 'ভাৰত দিৱস' হিচাপে ঘোষণা কৰিছে। ভাৰত দিৱস ক্ৰমান্বয়ে ১৪–১৫ আগষ্টত মেচাচুচেটছৰ ৰ'ড আইলেণ্ডৰ ষ্টেট হাউচ এণ্ড ইণ্ডিয়া ষ্ট্ৰীটত উদযাপন কৰা হ'ব বুলি তেওঁ কয়। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰ পি সিঙক অনুষ্ঠানটোত অনুষ্ঠিত হ'বলগীয়া পেৰেডলৈ গ্ৰেণ্ড মাৰ্শ্বেল হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। ফেডাৰেচন অফ ইণ্ডিয়ান এছ'চিয়েশ্যনে (এফআইএ) প্ৰথমবাৰৰ বাবে ইণ্ডিয়া ষ্ট্ৰীটত এখন ফ্ৰীডম গেলেৰী আৰু প্ৰদৰ্শনী আয়োজন কৰিব। মন্ত্ৰী পীয়ুষ গোৱেলে এই অনুষ্ঠানৰ বাবে তেওঁৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে ভাৰত-আমেৰিকাৰ সম্পৰ্ক যথেষ্ট আগবাঢ়িছে। দুয়োখন দেশৰ অংশীদাৰীত্ব কৌশলগত আৰু ইয়াৰ গুৰুত্বপূৰ্ণ মাত্ৰা আছে।