▶️মঙ্গলদৈ মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মণিমুগ্ধ বৰঠাকুৰৰ (৬২) শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল।‌  

প্ৰাপ্ত তথ্য অনুসৰি মঙ্গলদৈ মহাবিদ্যালয়ত ১৯৮৬ চনত চাকৰিত যোগদান কৰি সুদীৰ্ঘ কাল নিয়াৰিকৈ অধ্যাপনা বৃত্তিত নিয়োজিত হৈ ২০২২ চনৰ চেপ্তেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে।

প্ৰতিজন শিক্ষাৰ্থী অথবা সহকৰ্মীৰ সৈতে এক আপোন সম্বন্ধ বজাই ৰাখি এটা প্ৰাণ খোলা হাঁহিৰে সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ সকলোৰে অন্তৰ জয়‌ কৰিছিল । বিজ্ঞান অথবা কলা শাখাৰ শিক্ষাৰ্থীৰ ইংৰাজীৰ‌ ভীতি আতৰাই বিশেষ কৈ কবিতাৰ পাঠদানৰ শ্ৰেণীত আনন্দ, বিষাদ,ৰোমাণ্টিক ধাৰণাৰ চিত্ৰকল্প তৈয়াৰ কৰি সকলোকে ৰসস্বাদন কৰোৱা জনপ্ৰিয় শিক্ষাগুৰুজনৰ বিয়োগৰ বাতৰিয়ে মহাবিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজক মৰ্মাহত কৰি তোলাৰ লগতে সমগ্ৰ মঙ্গলদৈত শোকৰ ছাঁ পেলাইছে।

 এই প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত তেখেতৰ সান্নিধ্য লাভ কৰা মহাবিদ্যালয়খনৰ কেবাজনো প্ৰাক্তন তথা বৰ্তমান কৰ্মৰত সহকৰ্মী আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনৰ শৈক্ষিক দিশত উত্তৰণৰ বাবে সদা উৎসাহী, সোণালী জয়ন্তী উৎসৱৰ এগৰাকী সফল‌ কাৰ্যকতা, মহাবিদ্যালয় পৰিচালনা সমিতিত শিক্ষক গোটৰ প্ৰতিনিধি হিচাপে কৰ্তব্য পালন,মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তত্বাৱধায়ক , মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন বিভাগৰ বিচাৰক অথবা যিকোনো প্ৰগতিশীল কাম কাজত তেখেতৰ অনবদ্য সহযোগিতাৰ কথা শ্ৰদ্ধাৰে সোৱৰণ কৰে । 

উল্লেখ্য যে তেখেতে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব পালনৰ‌ লগতে কিছুদিনৰ বাবে মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপেও নিয়োজিত হৈছিল। বিধানসভা তথা লোকসভা নিৰ্বাচন সমূহত জিলা প্ৰশাসনৰ এগৰাকী দক্ষ নিৰ্বাচনী গুৰু প্ৰশিক্ষক হিচাপে কৰ্তব্য পালনৰে তেওঁ সমাদৰ লাভ কৰিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী , দুই মেধাবী পুত্ৰ সহিতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। অধ্যাপক বৰঠাকুৰৰ মৃত্যুত মঙ্গলদৈ মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী গোট, মঙ্গলদৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা, জিলা খনৰ জনপ্ৰতিনিধি সকল, ছাত্ৰ সংগঠন, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান,দল‌ সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

#Tribute #Localnews