৩০জুলাইত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতিত মুকলি হ’ব অসম বিধান সভাৰ নৱনিৰ্মিত ভৱন
বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচ’ৰা ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত তুলি ধৰাৰ চিন্তা চৰ্চা
ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব বিধানসভাৰ নতুন প্ৰকল্পত ৷ শুকুৰবাৰে বাথৌ পূজা কৰি দেওবাৰে নতুন ভৱন মুকলি কৰিবলৈ সাজু এতিয়া বিধানসভা কৰ্তৃপক্ষ ৷ শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ সময়তে জনতা ভৱনৰ কাষতে থকা ভৱনতে চলিছিল অসম বিধানসভাৰ কাম কাজ । প্রায় ৫০ বছৰ, ইতিহাসে যেন পুনৰ ৰিঙিয়াইহে মাতিছে ৷ ৰাজ্য চৰকাৰে পুৰণি অসম বিধানসভাৰ নতুন ভৱনটোক নতুন ৰূপ দি পুনৰ ব্যৱহাৰ কৰাৰ বাবে আগবাঢ়িছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেওবাৰে মুকলি কৰিব নতুন ভৱনটো ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ অপেক্ষা মাথো ৩০জুলাইলৈ ৷ “সম্পুৰ্ণ সাজু আমি ৷ দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়াৰ উপস্থিতিত মুকলি হ’ব বহু আকাংক্ষিত নতুন ভৱনটো ৷” —ডাঃ নোমল মমিন, উপাধ্যক্ষ অসম বিধানসভা
#thevoiceofchariduar #NewsUpdate #assam