ধেমাজি অসামৰিক চিকিৎসালয়ত যোৱা ৬ আগষ্টত ২২ নম্বৰ কোঠাৰ চিকিৎসকজনৰ পৰিবৰ্তে তেওঁৰ গাড়ী চালকেই এগৰাকী যুৱতীক চিকিৎসা কৰাৰ আজৱ কাণ্ডৰ ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে৷ সোমবাৰে দুপৰীয়া ১২ বজাত ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখৰ জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ কাৰ্য্যালয়ৰ প্ৰাংগনত জাতীয়াবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত এখনি সংবাদমেল অনুষ্ঠিত হয় ৷যোৱা ৬ আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ২২ নম্বৰ কোঠাত প্ৰকৃত চিকিৎসকৰ পৰিবৰ্তে তেওঁৰ গাড়ী চালকেই ৰোগীয়া যুৱতী গৰাকীক চিকিৎসা কৰাৰ আজৱ কাণ্ডৰ ঘটনাকলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মানুহৰ জীৱনকলৈ খেলা কৰা এনেধৰনৰ চিকিৎসকক কোনো কাৰনতেই ৰেহাই দিয়া ন’হব বুলি উল্লেখ কৰে। সেই ২২ নম্বৰ কোঠাৰ চিকিৎসকজনৰ নাম ডাঃ বিজু বৰুৱা বুলি সংবাদমেল যোগে প্ৰকাশ কৰে ৷জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে এনে অপৰাধ কৰা চিকিৎসক ডাঃ বিজু বৰুৱাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷ ইতিমধ্যে জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিয়ে চিকিৎসকজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অহা ১০ আগষ্টৰ পৰা তিনি দিনীয়াকৈ এক প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে বুলিও অবগত কৰে৷ ইতিমধ্যে জাতীয়াবাদী যুৱ পৰিষদে জনোৱা দাবী অনুসৰি সোমবাৰে দুপাীয়া ধেমাজি জিলা অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই ধেমাজি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ গাড়ী চালকে চিকিৎসা কৰা ৰোগী যুৱতী ডিম্পী দিহিঙীয়া পৰা জবানবন্দী গ্ৰহণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદમાં સ્કોર્પિયો જીપની ટક્કરથી સારવાર દરમિયાન બાઇક ચાલકનું મોત
થરાદના ડેલ ગામનો યુવક પત્નીને સોમવારે સવારે થરાદમાં આંગણવાડીની મિટીંગમાં મૂકવા આવ્યા હતા. ત્યારે...
गलत काम करने वालों के लिए टेलीग्राम CEO का फरमान! कंपनी खुद सरकार को सौंप देगी यूजर का फोन नंबर
टेलीग्राम का इस्तेमाल करते हैं तो कंपनी की ओर से जारी नए अपडेट को जानना चाहिए। टेलीग्राम के सीईओ...
रिछपाल मिर्धा ने हनुमान बेनीवाल को दी 'अमर बकरे' की उपाधि,जानिए क्या है पूरा मामला
जो आदमी चुनाव नहीं हारता है और जनता उसे नहीं हराती है, उसे 'अमर बकरे' की उपाधि दी जाती है. कुछ...
ખરવાણ ખેડૂત સહકારી મંડળીના પ્રમુખ તરીકે તુષારભાઈ જે.પટેલની બિનહરીફ વરણી.
મહુવા તાલુકાના ખરવાણ ગામની 900 થી વધુ સભાસદ ધરાવતી ખેડૂત મંડળીની ચૂંટણીમાં પ્રમુખ તરીકે તુષારભાઈ...