যোৱাকালি সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানীত সদৌ অসম ছাত্ৰ সন্থাই অংশ লয়। ছাত্র সন্থাই প্ৰয়োজনীয় সংশোধনীৰ দাবী উত্থাপন কৰা বিষয় সমুহ কেতবোৰ-
১) ধেমাজি, লক্ষীমপুৰ, তিনিচুকীয়াত বৃদ্ধি হোৱা সমষ্টি তিনিটা কৰ্তন নকৰাকৈ আমগুৰি আৰু লাহোৱাল সমষ্টি পুনৰ বাহাল ৰাখক।
২) টিংখং, চাবুৱা, শিৱসাগৰ, যোৰহাট, হাজো, টিহু, বঙাইগাঁও, চতিয়াকে ধৰি অনেক সমষ্টিত সীমা নিৰ্ধাৰণক লৈ ৰাইজৰ আপত্তি আছে। সেইবোৰ বিৱেচনা কৰক।
৩) নামনি অসম আৰু মধ্য অসমৰ বহু ঠাইত য'ত জনবিন্যাসৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, সেই ঠাইসমূহত ৰাইজৰ মাজত সৃষ্টি হোৱা সীমা কেন্দ্ৰিক সমস্যাসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰক।
৪) অসমৰ খিলঞ্জীয়া অসমীয়া মুচলমানসকল খচৰাখনক লৈ অসন্তুষ্ট। গৰিয়া, মৰিয়া, দেশী, জোলহা, চৈয়দসকলৰ অভিযোগসমূহ গুৰুত্বসহকাৰে বিৱেচনা কৰক।
৫) ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ ইতিহাস বিঘ্নিত হ'ব নালাগে।
উদাহৰণ - জনিয়া সমষ্টিটোৰ নামৰ ঐতিহাসিক জনিয়া সত্ৰৰ আধাৰত উৎপত্তি। সমষ্টিটোৰ নাম বিলুপ্ত হ'ব নালাগে।
দিহিনা সত্ৰখন হাজো সমষ্টিত আছিল অতীজৰে পৰা। চৌপাশৰ মানুহখিনি অনুসূচিত জাতিৰ। এইবেলি হাজো সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হ'ল, কিন্তু সত্ৰখন আৰু চৌপাশৰ মানুহখিনিক হাজো সমষ্টিৰ পৰা আঁতৰাই দিয়া হ'ল। পুনৰ অন্তৰ্ভুক্ত কৰিব লাগে।
৬) যিসমূহ সমষ্টিৰ নামৰ ঐতিহাসিক তাৎপৰ্য আছে তথা সেই অঞ্চলৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে, তেনে সমষ্টিসমূহৰ নাম সলনি কৰিব নালাগে।
৭) বৰাক উপত্যকাৰ বিষয়সমূহত নজৰ দিব লাগে।
৮) স্বাধীনতাৰ পিছৰে পৰা আসন বৃদ্ধি নোহোৱা ডিমা হাচাওৰ ৰাইজৰ যুক্তিনিষ্ঠ আৱেগক উপলব্ধি কৰি তেওঁলোকৰ পৰামৰ্শসমূহ বিশেষভাৱে বিচাৰ কৰিব লাগে।
#thevoiceofchariduar #NewsUpdate #AssamNews