সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ তৎপৰতাৰ সময়তে 'মৰাণ' সমষ্টিৰ নামাকৰণৰ পৰিবৰ্তে 'খোৱাং' সমষ্টি নামাকৰণ কৰিবলৈ দাবী খোৱাং বাসী ৰাইজৰ । 'মৰাণ' সমষ্টিক 'খোৱাং' সমষ্টি নামাকৰণৰ দাবীত খোৱাং চাৰিআলিত অনুষ্ঠিত হয় এখনি ৰাইজ মেল । ৰাজ্য চৰকাৰে মৰাণ সমষ্টিৰ নাম খোৱাং সমষ্টি কৰিব বিচৰা কাৰ্যক আদৰনি জনায় উপস্থিত ৰাইজে । ভৌগলিক পৰিসীমা, জনসংখ্যাৰ গাঠনি আৰু ঐতিহাসিক ঠাই হিচাপে খোৱাং সমষ্টি নামাকৰণ কৰা উচিত বুলি মন্তব্য আগবঢ়াই ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
আনহাতে, মৰাণ জনগোষ্ঠীয় সংগঠনে 'মৰাণ' নামটো বাহাল ৰাখিব বিচৰা কাৰ্যৰ বিৰোধিতা উপস্থিত ৰাইজৰ ।
মৰাণ জনগোষ্ঠীয় লোক বসবাস নকৰা এই সমষ্টিটোৰ নাম 'মৰাণ' ৰাখিব বিচৰাটো অযুক্তিকৰ বুলি মন্তব্য ৰাইজৰ ।
ইফালেনিৰ্বাচন আয়োগক বিষয়সমূহ অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে উপস্থিত ৰাইজে ।
ৰাইজমেলৰ অন্তত সিদ্ধান্তসমূহ সদৰি কৰে এক সংবাদমেল যোগেৰে