সোণাৰিত চোৰৰ তাণ্ডৱ
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ পাছতো সোণাৰি নগৰত চোৰৰ তাণ্ডৱ।
সোণাৰিৰ ৫ নং ৱাৰ্ডত শংকৰ দাসৰ দোকানত চোৰে চলালে লুটপাত।
ধোদৰ আলিৰ কাষতে থকা মোবাইল দোকানৰ পৰা মোবাইল সহ নগদ বিশ হাজাৰ টকা লৈ উধাও চোৰ।
সোণাৰি নগৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজতে চোৰে কেনেকৈ লুটপাত চলালে তাকে লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।