দিৰৈ নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম মৰাণৰ সমীপৰ হিংৰিজান তেলবাৰী লাইনৰ কেইবাটাও বাসগৃহ । তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে মৰাণ ৰাঙলী সংযোগী ঘাইপথলৈও । পথটোৰ পৰা মাত্ৰ পাঁচ মিটাৰ নিলগতে এতিয়া দিৰৈ নৈৰ গৰা ।

খহনীয়াত ইতিমধ্যে অঞ্চলটোৰ বহু লোকৰ মাটি-ভেঁটি জাহ যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহন কৰা নাই চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে ৷ বিগত প্ৰায় ১৫ বছৰ ধৰি এনেদৰে অব্যাহত আছে গৰা-খহনীয়া । খহনীয়াত ইতিমধ্যে জাহ গৈছে এটা এটাকৈ কেইবাটাও ঘৰৰ ভেঁটি । ঘৰৰ চোতালতেই এতিয়া নদীৰ গৰা ৷ মাটি-ভেঁটি সৰ্বোচ্চ হেৰুওৱাৰ আশংকাত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনলৈ ৰাইজৰ আহ্বান শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি অঞ্চলবাসীক ৰক্ষা কৰক