ডিমৌ আৱৰ্ত ভৱনত জিলা উন্নয়ন বিষয়াৰ আহ্বান মৰ্মে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাত ডিমৌ ৰাজহ চক্ৰৰ বিষয়া, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয় - ববীয়া, আঠাবাৰী, কলিয়াপানী, দিৰৈ শাখাৰ শ্ৰমিক প্ৰতিনিধি সকলৰ উপস্থিতিত অইল ইণ্ডিয়া লিমিটেডে চাহ বাগিচাৰ মাটি অধিগ্ৰহণ কৰাৰ পাছত ৰাইজৰ দাবীৰ ওপৰত অইল ইণ্ডিয়াই আগবঢ়োৱা অনুদানৰ ওপৰত বিশদ আলোচনা কৰি আচঁনি সমূহ শীঘ্ৰেই ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।