ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নগাঁও জিলাৰ বিভিন্ন ঠাইত অহা ১৭জুলাইৰ পৰা দহ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকাৰ লগতে ৰহাতো ১৮জুলাইৰ পৰা দহ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসন,ৰহাৰ শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম,কেন্দ্ৰীয় সমিতি ৰহা আৰু মৌন কলা নিকেতনৰ সহযোগত অনুষ্ঠিত হব।ইয়াৰ বাবে প্ৰস্তুতি চলাই থকাৰ লগতে আজি ৰহা ৰাজস্ব চক্ৰ বিষয়া কাৰ্যালয় ত চক্ৰ বিষয়া সুপ্ৰভা ৰয়ৰ উপস্থিতিত সভা অনুষ্ঠিত হয়।সভাত কৰ্মশালা অনুষ্ঠিত কৰাকলৈ আলোচনা কৰা হয়।সভাত ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ তথা মেনেজমেন্ট কমিটি ৰ সদস্য ড° বেদ কুমাৰ চলিহা, ৰহা পৌৰ সভাৰ প্ৰাক্তন অধ্যক্ষ মনজ্যোতি বৰা, ৰহা টাউন মণ্ডল বিজেপি ৰ সভাপতি ৰাজেন গাঁওখোবা,সাংস্কৃতিক কৰ্মী বিৰেন ডেকা,মৌন কলা নিকেতনৰ ৰ প্ৰতিনিধি তথা বাৰহপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ কুমুদ বৰদলৈ,সাংস্কৃতিক কৰ্মী সন্তৰাম দাস, অকনিৰ কবিতা ঘৰ অসমৰ প্ৰধান সচিব ৰন্টু মুদৈ,প্ৰচাৰ সম্পাদক  চয়েল খেতান উপস্থিত থাকে।

ৰহাত ১৮ জুলাই ত কৰ্মশালা ৰ উদ্বোধন কৰিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।

লগতে কৰ্মশালা সুচাৰু পৰিচালনা ৰ বাবে সুবৰ্ন সিং ক চেয়ৰপাৰ্চন,নগাঁও জিলা সাংস্কৃতিক বিভাগ বিষয়া ক সদস্য সচিব,ৰহা চক্ৰ বিষয়া সুপ্ৰভা ৰয়, ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, ৰহা টাউন মণ্ডল বিজেপি সভাপতি ৰাজেন গাঁওখোবা,সাংস্কৃতিক কৰ্মী বিৰেন ডেকা ক সদস্য হিচাপে লৈ কৰ্মশালা মেনেজমেন্ট কমিটি গঠন কৰা হৈছে।কৰ্মশালাত ১২বছৰৰ পৰা স্নাতক ডিগ্ৰি ৰ ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰিব পাৰিব আৰু অংশ গ্ৰহণ ৰ প্ৰমান পত্ৰ প্ৰদান কৰা হব।কৰ্মশালাত সত্ৰিয়া নৃত্য আৰু মুকাভিনয়,অভিনয়ৰ প্ৰশিক্ষণ দিয়া হব।