অসম চাহ মজদুৰ সংঘ মৰাণ শাখা ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত খোৱাং চাহ বাগিচাৰ চাহ মজদুৰ মহিলা সমিতিৰ আৰু ইউনিটৰ উদ্যোগত সজাগতা সভাখনি অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ সদস্যা - ভাগ্যৱতী চাহুৰ সভানেত্ৰীত্বত অনুষ্ঠিত হৈ যায়।
সভাখনিত মৰাণ শাখা চাহ মজদুৰ মহিলা সমিতিৰ সভানেত্ৰী - অনিমা কৰ্মকাৰ, সম্পাদিকা - ক্ৰান্তী কালিন্দী,সহ: সম্পাদিকা - নমিতা ৰবিদাস, প্ৰা: সম্পাদিকা - গংগা কুমাৰ, মৰাণ শাখা সংঘৰ সভাপতি - মনোজ তাঁতী, জ্যেষ্ঠ সম্পাদক তথা কেন্দ্ৰীয় সংঘৰ কোষাধ্যক্ষ - লক্ষেশ্বৰ তাঁতী, শাখাৰ কোষাধ্যক্ষ ৰতন মৃৰ্ধা, সহ: সম্পাদক - প্ৰমোদ সিং তাঁতী আৰু বাগিচা ইউনিটৰ সভাপতি/ সম্পাদক ক্ৰমে - ফেবিয়ানুছ কুজুৰ/ কৃষ্ণ গোৱালাই উপস্থিত থাকি মহিলা শ্ৰমিক সকলৰ মাজত সৱলীকৰণৰ কৰা, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিবলৈ, নিজৰ ল'ৰা - ছোৱালীক শিক্ষাৰ দিশত অধিক গুৰুত্ব দিবলৈ লগতে সমাজত প্ৰচলিত কুসংস্কাৰ দূৰীকৰণ কৰাৰ ওপৰত বহল ভাৱে পৰামৰ্শ আগবঢ়াই শ্ৰমিক ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ আহ্বান জনায়।
---