সদৌ অসম লেখিকা সমাৰোহ সমিতি,হাজোখোৰোং শাখাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠান সম্পন। শতাধিক ৰাইজ,অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, গণ্য- মান্য ব্যক্তি ব্যক্তিৰ অংশগ্ৰহণ । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈক বিশেষ সম্বৰ্ধনা । হাজোখোৰোং লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অঞ্জলী বুঢ়াগোঁহাই আৰু সম্পাদিকা পদ্মাৱতী বৰাই পৰিচালনা কৰা অনুষ্ঠানৰ আৰম্ভণিতে সমাজৰত্ন প্ৰয়াত আৰতি শইকীয়া আৰু লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডালিমী শইকীয়া বৰাই । গোলাঘাট পৌৰ সভা কাৰ্যালয়ৰ সভা কক্ষত ' প্ৰত্নলিপিত অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য' শীৰ্ষক তত্বগধুৰ বিষয় বস্তৰে আয়োজিত বক্তৃতানুষ্ঠানত বক্তা হিচাপে অংশগ্ৰহণ কৰে অসমীয়া ভাষাৰ লিপিৰ গৱেষক,ভাৰতবৰ্ষৰ এপিগ্ৰাফিকেল চচাইটিৰ সদস্য ভাস্কৰ বৰদলৈয়ে । অনুষ্ঠানত প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত,জ্যেষ্ঠ সাংবাদিক,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।বক্তা ভাস্কৰ বৰদলৈয়ে দৃশ্য-শ্ৰব্য মাধ্যমৰ দ্বাৰা অসমীয়া ভাষাৰ ক্ৰম অনুসৰি ঐতিহাসিক সমলৰ তথ্যগত ব্যাখা আগবঢ়াই বৰ্তমানেও অসমীয়া ভাষাৰ লিপিৰ সন্দৰ্ভত পৰ্যাপ্ত অধ্যয়ন আৰু গৱেষণা হোৱা নাই উল্লেখ কৰে । অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড°বন্তিৰাণী গগৈ,তিলেশ্বৰ তামূলী,ড° তৰালী গগৈ,জুৰি দাস ৰাজখোৱা,অনিমা শইকীয়া,দিপ্তী বৰা,চন্দ্ৰপ্ৰভা শইকীয়া ডেকা,অমিয়া বৰগোহাঁই,ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মাইনা মাধৱ কছাৰী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা আদিয়ে অংশগ্ৰহণ কৰে ।