দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দৰঙী লোককৃষ্টি পৰিৱেশনৰ মাজেৰে ১জুলাইত সংঘৰ মঙ্গলদৈ কাৰ্যালয় প্ৰাঙ্গনত উদযাপন কৰা হয় । এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই । ইয়াৰ পিছতে লোকশিল্পী তীৰ্থনাথ ওজা আৰু ৰত্নেশ্বৰ বড়া ওজাই বন্তি প্ৰজ্বলন কৰাৰ পিছত কুলেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় দৰঙী কৃষ্টি প্ৰদৰ্শন আৰু দৰঙী সন্মান প্ৰদান অনুষ্ঠান । সংঘৰ উপ সভাপতি ৰত্নকান্ত ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই আতধৰা তথা সাংস্কৃতিক কৰ্মী অশোক ভাৰ্গৱে উদ্বোধন কৰা অনুষ্ঠানটিত লোকশিল্পী কুশেশ্বৰী দেৱীৰ " দৰঙী গীত আৰু বচন " নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে শিশু সাহিত্যিক জিতেন ভাগৱতীয়ে । লোকশিল্পী দ্ৰোৰ্ন ভূঞা . ৰাজেন্দ্ৰ নাথ ওজা . বিজয় ভাগৱতী . সাহিত্যিক পৃথুৰাম বৰুৱা . দণ্ডধৰ হাজৰিকা . কুলেন্দ্ৰ চহৰীয়া . দেবেশ্বৰ শৰ্মা আদি উপস্থিত থকা অনুষ্ঠানটিত যুৱ প্ৰজন্মৰ লোকশিল্পী ক্ৰমে ব্যাস সংগীতৰ কিংকৰ নাথ ওজা . সঞ্জীৱ কলিতা ওজা . সঞ্জয় নাথ ওজা . সুকনানি সংগীতৰ পুৰন্দৰ শৰ্মা ওজা . প্ৰনৱ কুমাৰ শৰ্মা ওজা . ভূপাল বৰুৱা ওজা . চিয়াগীতৰ দীপশিখা শইকীয়া . দাইনাপালি বাপন শৰ্মা . নাগাৰা নামৰ কুসুম দেৱী পাঠক . সুভাষ নাথ পাঠক . নাগাৰা নাম আৰু আইনামৰ দুলুমনি নাথ . নাঙেলী গীতৰ জয়প্ৰকাশ শৰ্মা আৰু শিল্পী তাৰাশঙ্কৰ শইকীয়াৰ লগতে সাধক লোকশিল্পী প্ৰেমানন্দ বৰুৱা . লোহিত চন্দ্ৰ শৰ্মা . বীৰেন্দ্ৰ কুমাৰ নাথ . ধৰ্মকান্ত ডেকা . মহেন্দ্ৰ চহৰীয়া আৰু কুশেশ্বৰী দেৱীক ৰাজহুৱাভাৱে সন্মান প্ৰদান কৰা হয় । অনুষ্ঠানটিত দক্ষিন চুবুৰি চেমনীয়া ঢেপাঢুলীয়া . তুবাপাৰা চেমনীয়া বৰঢুলীয়া . নিজ সৰাবাৰীৰ চেমনীয়া সুকনানি ওজাপালি . চমুৱাপাৰা খুলীয়া ভাউৰীয়া . ৰঙামাটিৰ দেহবিচাৰৰ গীত . গৰুখুটী চিয়াগীতৰ দলে চিয়াগীত . ভূঞাখাটৰ মহিলা ব্যাস সংগীত . বাহজানীৰ ব্যাস সংগীত আৰু শিল্পী পেঞ্চনাৰ তীৰ্থ নাথ ওজাই ব্যাস ওজাপালি প্ৰদৰ্শন কৰি জীপাল কৰি তোলে অনুষ্ঠান সন্ধিয়া ৪৯ গছি বন্তি প্ৰজ্বলন কৰা হয় । দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই জানিবলৈ দিয়ে যে সংঘৰ উদ্যোগত সমাগত ২০ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ এক বিস্তৃত গ্ৰীষ্মকালীন কৰ্মসূচী অনুষ্ঠিত হ'ব।

#localnews