সোণাৰিত আদিবাসী সমাজৰ গ্ৰাম কালী পূজা অনুষ্ঠিত
সোণাৰি নগৰৰ কাষৰীয়া শিঙৰিতলী গাঁওৰ ৰাইজৰ উদ্যোগত আজি দিন জোৰা কাৰ্যসূচীৰে পৰম্পৰাগত গ্ৰাম কালী পূজা পালন কৰা হয়। গাওঁখনৰ সোঁমাজত থকা এজোপা বিশাল বট বৃক্ষৰ তলত আদিবাসী সমাজৰ ৰীতি নীতি অনুসৰি পৰম্পৰাগত ভাৱে পালন কৰা এই পূজা ভাগিত অজস্ৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। কাৰ্য্যসূচী অনুসৰি পুৱা পুৰোহিতৰ মন্ত্ৰউচ্চাৰণৰ মাজেদি গ্ৰাম কালী গোসাঁনীৰ পূজা অৰ্চনা আৰু বলি বিধান সম্পন্ন কৰা হয়। ইয়াৰ পিছতে গ্ৰাম কালীৰ গোসাঁনীৰ ভক্ত সকলে নানা অলৌকিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে। গাওঁখনৰ ৰাইজ সকলৰ মঙ্গল আৰু সুস্বাস্থ্য কামনা কৰি প্ৰতি দুবছৰৰ অন্তৰালত এই পূজা ভাগি অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তা সকলে জানিব দিয়ে।
 
  
  
   
  