এতিয়া পৰা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বাবে যোৱা নাইবা মহাবিদ্যালয়লৈ যোৱা প্ৰতিজনে মানিব লাগিব যান বাহনৰ আইন। AMCH লৈ পূৰ্বে যোৱা পথেৰে পুনৰ ঘূৰি আহিব নোৱাৰিব কোনো বাহন।

ইতিম্যেই জিলা প্ৰশাসনৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰৱেশ আৰু প্ৰস্থান পথ সুকীয়া কৰি দিছে।

আজিৰে পৰা কাৰ্য্যকৰী হৈছে ডিব্ৰুগড় চহৰত এই নিয়ম।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গ্রেহেম বজাৰ পৰা সুংযুক্ত পথেৰে পল্টন বজাৰ লৈ অহা যোৱা কৰিব পাৰিব যদিওঁ পল্টন বজাৰ পৰা AMCH লৈ প্ৰৱেশহে কৰিব পাৰিব যাত্রী সকল।

ইফালে সেউজপুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযুক্ত পথ কেৱল প্ৰৱেশৰ বাবে মুকলি কিৰি দিছে জিলা প্ৰশাসনে।

AMCH কাষেৰে যোৱা অন্য এক উপ পথে কেৱল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰলৈ ওলাই যাব পাৰিব যাত্ৰী সকল।

ইফালে জিলা প্ৰশাসন তথা পৌৰ সভাৰ এই সিদ্ধান্ত কাৰ্যকৰী হোৱা পাছতে ডিব্ৰুগড় সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।

ডিব্ৰুগড় গ্ৰেহেম বজাত মেডিকেল সংযুক্ত পথত জধে - মধে গঢ় লৈ উঠা ভিন্ন প্ৰতিষ্ঠান, হস্পিটেল আদি নিজা পাৰ্কিং পেলেচে নথকা বাবে এই পথত ভয়াবহ যান বাহনৰ সমস্যা সৃষ্টি হৈ থকা দিশত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰি এইদৰে পথ one way কৰা বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।