নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুণমনী দাসক কেন্দ্ৰ কৰি আজি উত্তাল হৈ পৰে বিদ্যালয়খন ৷ বিদ্যালয়খনত বিগত দিনত সৃষ্টি হোৱা গুৰু-শিষ্যৰ সংঘাত আৰু পৰৱৰ্তী সময়ত সহকৰ্মীৰ সৈতে সৃষ্টি হোৱা বিবাদ নিস্পত্তিৰ বাবে স্থানীয় ৰাইজে অধ্যক্ষগৰাকীক সোমবাৰৰ দিনটোলৈকে বান্ধি দিছিল সময়সীমা ৷ আজি শৈক্ষিক পৰিৱেশ সুস্থ কৰাৰ স্বাৰ্থত স্থানীয় ৰাইজ বিদ্যালয়খনত উপস্থিত হোৱাৰ পাছত অধ্যক্ষগৰাকী বিদ্যালয়ত উপস্থিত নোহোৱাত ৰাইজ উত্তেজিত হৈ পৰে ৷ ৰাইজৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সংগ দিয়ে ছাত্ৰ-ছাত্ৰীসকলে ৷ ফলত বিদ্যালয়খনত সৃষ্টি হয় উতপ্ত পৰিস্থিতি ৷ উল্লেখ্য যে বিগত তিনিটা দিনত এগৰাকী সহকৰ্মী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক উচতনি দি বিদ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি ধন আত্মসাৎ কৰা , বিদ্যালয় পৰিচালনাত ব্যৰ্থতাৰ লগতে তেখেতৰ বিএড ডিগ্ৰী ভুৱা আদি একাধিক অভিযোগ উত্থাপন হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৷ এনে পৰিস্থিতিত স্থানীয় ৰাইজ আৰু একাংশ অভিভাৱকে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘুৰাই অনাত উঠি পৰি লগাৰ সময়ত অধ্যক্ষগৰাকীয়ে কোনো কাৰণ নজনোৱাকৈ অন্তধ্যান হোৱাত ৰাইজৰ খংৰ বহিঃপ্ৰকাশ ঘটে ৷ ইফালে বিদ্যালয়ৰ অস্থিৰ পৰিস্থিতিৰ সম্পৰ্কে জানিব পাৰি পলমকৈ উপস্থিত হয়হি বিদ্যালয়সমুহৰ পৰিদৰ্শন মৃদুল কুমাৰ নাথ ৷ পৰিদৰ্শক গৰাকীয়ে উপস্থিত ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষকগোটৰ সৈতে আলোচনা কৰি সকলো অভিযোগ শুনাৰ পাছত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা হাতত লয় ৷ তৎকালে সকলো বিৰ্ত্তীয় নথি পত্ৰ জব্দ কৰি ৰাইজৰ অভিযোগৰ তদন্ত কৰাৰ লগতে অধ্যক্ষগৰাকীৰ বিএড ডিগ্ৰী সম্পৰ্কতো তদন্তৰ আস্বাস দিয়ে ৷ আনহাতে অধ্যক্ষগৰাকীৰ স্থানত এগৰাকী অৰ্হতাসম্পন্ন শিক্ষকক নিযুক্তি কৰিবৰ বাবে ৰাইজ আৰু পৰিচালনা সমিতি খনত বাচনিৰ দায়িত্ব প্ৰদান কৰে বিদ্যালয়সমুহৰ পৰিদৰ্শক গৰাকীয়ে ৷ অভিযোগৰ তদন্তৰ অন্তত সকলো পোহৰলৈ আহিব যদিও অধ্যক্ষগৰাকীৰ আত্মগোপনে তেখেতৰ ওপৰত উত্থাপিত অভিযোগৰ সত্যতা প্ৰমানিত কৰিছে ৷ ইফালে অধ্যক্ষগৰাকী শাৰিৰীক অসুস্থতাৰ বাবে বিদ্যালয় উপস্থিত হ’ব নোৱাৰা বুলি পৰিদৰ্শকগৰাকীয়ে ৰাইজক অৱগত কৰে ৷ আনহাতে তিনিটা দিনে যিগৰাকী শিক্ষকৰ বিৰুদ্ধে অধ্যক্ষগৰাকীয়ে আঙুলি টোৱাই বিদ্যালয়ৰ পৰিৱেশ বিনষ্ট কৰিছিল তেখেতৰ সপক্ষে জনমত দেখি বিদ্যালয়ৰ পৰিদৰ্শকগৰাকীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি পতিয়ন যোৱাৰ লগতে শিক্ষকগৰাকীক প্ৰসংশা কৰা বুলি জানিব পৰা গৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಈಜಿಪ್ಟ್ ದೇಶದ ಮುಸ್ತಫಾ ಜತೆಗೆ ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಮಾತುಕತೆ
ಈಜಿಪ್ಟ್ ದೇಶಕ್ಕೆ 2 ದಿನಗಳ ಅಧಿಕೃತ ಪ್ರವಾಸಕ್ಕೆ ತೆರಳಿರುವ ಪ್ರಧಾನಿ ನರೇಂದ್ರ ಮೋದಿ ಅವರು ಕೈರೊ ನಗರದಲ್ಲಿ...
বৰভাগৰ কালাগ হাটখলাত বোকাপানীৰে একাকাৰ
নলবাৰী জিলাৰ বৰভাগৰ প্ৰানকেন্দ্ৰ স্বৰূপ কালাগ হাটখলাৰ কেইবা ঠাইটো বোকাপানী একাকাৰ হোৱাত ৰাইজে...
जय भवानीच्या ४० व्या गळीत हंगामाचा शुभारंभ;ऊस गाळपात जयभवानी राजकारण नाही - अमरसिंह पंडित
गेवराई दि.७ (प्रतिनिधी) पुढील अनेक वर्ष या भागात चांगले पर्जन्यमान राहणार असल्यामुळे ऊस उत्पादक...
સમસ્ત બ્રહ્મસમાજ સેવા ગ્રુપ જામનગર દ્વારા નવરાત્રિ મહોત્સવનું ભવ્ય આયોજન
સમસ્ત બ્રહ્મસમાજ સેવા ગ્રુપ જામનગર દ્વારા નવરાત્રિ મહોત્સવનું ભવ્ય આયોજન
जयपुर में प्रॉपर्टी कारोबारी ने किया सुसाइड:जहर खाने से पहले लिखा सुसाइड नोट
जयपुर में एक प्रॉपर्टी कारोबारी ने सुसाइड कर लिया। जहर खाने पर बेहोशी की हालत में वह रामनिवास बाग...