# স্নিদ্ধা শিখা দাসক মৃত্যুৰ মুখত ঠেলি দিয়া কাৰ্য্যৰ তদন্ত আৰু বিহিত ব্যবস্থা গ্ৰহন কৰিবলৈ চৰকাৰক অনুৰোধ পিতৃৰ

 # স্নিদ্ধা শিখা দাস বয়স প্ৰায় ১০ বছৰ। 

#গুৱাহাটী ছাত্ৰীবাৰী Nichols higher secondary school ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।

#ছাত্ৰী ছাত্ৰীৰ জীৱনৰ লগত হেতালি নেখেলিবলৈ আহ্বান পিতৃৰ

 # যোৱা ৪ আগষ্টত প্ৰথম ক্লাচ আৰম্ভ হৈছিল আৰু সেয়ে তাই যথেষ্ঠ উদ্দিপনাৰে বিদ্যালয়লৈ গৈছিল। 

#কিন্তু বিদ্যালয় principal Tingjanem Manchong ছাত্ৰ ছাত্ৰী সকল এই প্ৰখৰ ৰ'দত বিদ্যালয়ৰ পিছফালে ফিল্ডত কোনো ছত্ৰছায়া নোহোৱা ঠাইত প্ৰায় এঘন্টা‌ ঠিয় কৰাই প্ৰাৰ্থনা কৰাৰ অভিযোগ পিতৃৰ

 #প্ৰখৰ ৰ'দত ছাত্ৰ ছাত্ৰী সকল অসুস্থ হৈ কেইবাজনো ছাত্ৰ ছাত্ৰী মাটিত ঢলি পৰে যদিও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে গুৰুত্ব নিদিয়াৰ অভিযোগ

#ৰ'দত ঢলি পৰা ছাত্ৰ ছাত্ৰী সকল কোনো চিকিৎসা ব্যবস্থা বা অভিভাৱকক খবৰ নকৰাৰ অভিযোগ

# স্নিদ্ধা শিখা দাস ৰ'দত ভীষণ ভাবে অসুস্থ হৈ পৰিছিল তাত পৰি মুৰত আঘাত পায় আৰু ৰ'দত গৰম সহ্য কৰিব নোৱাৰি গাড়ীত আৰু ঘৰত বমি কৰে , 

#ফলত প্ৰথম মাৰোৱাৰী হস্পীতালত ভৰ্ত্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ

#অৱশেষত ৫ আগষ্টত জীৱন মৃত্যুৰে যুজী যুজী নিয়তিৰ ওচৰত হাৰ মানিলে স্নিদ্ধা শিখা দাস

যাৰ ফলত বিদায়ল কৰ্তৃপক্ষৰ বিৰুদ্ধে পিতৃয়ে লব আইনী ব্যৱস্থা 

#ইতিমধ্যে পিতৃ চহদেৱ দাসে ইমেইল যোগে মু্খ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ