ঢকুৱাখনাত জিলা কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত কলা দিৱস পালন
ঢকুৱাখনা বিজেপি কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত দিনৰ প্ৰায় ১০ বজাত পালন কৰে কলা দিৱস।
১৯৭৫ চনৰ ২৫ জুনত প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে সমগ্ৰ ভাৰত বৰ্ষতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল।
ইয়াৰ জৰিয়তে দেশৰ জনগণৰ মৌলিক অধিকাৰ খৰ্ব কৰি নিজৰ গাদীৰ সুৰক্ষাৰ বাবে বিৰোধী দলৰ নেতাক গ্ৰেপ্তাৰ কৰি একপক্ষীয় ভাবে ক্ষমতাৰ অপব্যৱহাৰৰে দেশত জৰুৰীকালীন ঘোষণাই দেশখনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। শাসনাধিষ্ট ইন্দিৰা গান্ধী চৰকাৰৰ একনায়কত্ববাদ আজিও দেশবাসীৰ বাবে এক অভিশাপ স্বৰূপ। সেই কলা দিনটোত জনসাধাৰণৰ যি দুখ দুৰ্গতি হৈছিল সেইয়া ভাৰতবাসীয়ে আজিও পাহৰিব পৰা নাই। তাৰে অংশ হিচাপে আজিৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষতে বিজেপি পাৰ্টিৰ উদ্যোগত উদযাপন কৰা হৈছে কলা দিৱস।আজি অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখনা জিলা সভাপতি প্ৰদীপ চমুৱা,ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতি কাৰ্যনিৰ্বাহ সদস্য ড° ভূপেন কামান, IT Cell ঢকুৱাখনা জিলা আহ্বায়ক হেমন্ত গগৈ, Social Media জিলা আহ্বায়ক জ্যোতি ৰঞ্জন মিলি, পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস,ভাৰতীয় জনতা পাৰ্টি জিলা উপসভাপতি প্ৰনৱ জ্যোতি দাস,ৰুমী গগৈ, ভাৰতীয় জনতা যুৱ মৰ্চা জিলা সভাপতি বৃকোদৰ দাস, মহিলা মৰ্চা জিলা সভানেত্ৰী সংগীতা বৰবৰুৱা,অনুসূচিত জাতি মৰ্চা জিলা সভাপতি ধীৰেন দাস, জনজাতি মৰ্চা ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য জগদীশ দলে,অনুসূচিত জাতি মৰ্চা ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য গুৰু গোবিন্দ্ৰ দাস,ভাৰতীয় জনতা পাৰ্টি মণ্ডল সাধাৰণ সম্পাদক বনশ্যাম গগৈৰ লগতে ভালে সংখ্যক কৰ্মী উপস্থিত থাকে৷