যোগেন মহনক আজি দেখিবলৈ পোৱা গ'ল ট্ৰেক্টৰ চালকৰ ৰূপত। ট্ৰেক্টৰে পথাৰত চহাইছে মাটি। কিয়নো শাওন মাহ সমাগত। চহা খেতিয়কৰ সীমাহীন ব্যস্ততা। সমান্তৰালকৈ খেতিয়কসকলক কিছু সকাহ দিয়াৰ লগতে পথাৰৰ মাটি যাতে এনেই পৰি নাথাকে তাৰ প্ৰতি লক্ষ্যৰাখি মন্ত্ৰী যোগেন মহনে আজি ট্ৰেক্টৰ চলাই মাটি চহাই আনুষ্ঠানিক উদ্বোধন কৰে দেউৰী অটনমাচ কাউঞ্চিলৰ অধীনৰ মুঠ ২২টা সমষ্টিৰ ৭ নং ৰজাবাৰী সমষ্টিৰ মৰাণ, মাহমৰা আৰু থাওঁৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কোৰুকানি দেউৰী গাঁৱত , মুঠ ১০০০ পৰিয়ালক ৩ বিঘাকৈ খেতি মাটিত বিনামূলীয়াকৈ ট্ৰেকটৰৰ যোগে হাল বোৱা হব। এই কাৰ্যসূচীত দেউৰী অটনমাচ কাউঞ্চিলৰ মুখ্য কাৰ্য্যবাহী সদস্য ভৈৰৱ দেউৰীৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দুখীয়া শ্ৰেণীৰ পৰিয়াল উপকৃত হ'ব বুলি জানিব দিয়ে।
ট্ৰেক্টৰ চলাই পথাৰত মাটি চহোৱাত ব্যস্ত মন্ত্ৰী যোগেন মহন । নিজ সমষ্টিৰ এহেজাৰ পৰিয়ালৰ প্ৰতি ঘৰৰ ৩ বিঘা মাটিত হালবোৱা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মহনে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/06/nerity_de99f4b3b5d6865a078e3f7202737584.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)