অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ, ৰহা শাখাৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অহা ২৭জুনত এদিনীয়া কাৰ্য্যসূচীৰে ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত পালন কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে আৰু দিৱসৰ লগত সংগতি ৰাখি বাৰ্ষিক সাধাৰন সভা অনুষ্ঠিত হব। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

    ২০১৫চনত স্থাপিত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভানেত্ৰী মনোৰমা ভুঞা আৰু সম্পাদক বিনোৱা ৰাজবংশীয়ে জানিব দিয়ে যে অহা ২৭জুনত পূবা ৯বজাত শাখা সভানেত্ৰী মনোৰমা ভুঞা সন্মিলনৰ পতাকা উওোলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে কাৰ্য্যকৰী সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰিব প্ৰাক্তন সভাপতি ৰজনী কুমাৰ ভূঞা আৰু কমলচন্দ্ৰ শৰ্মাই।তাৰ পাছত সন্মিলনৰ শীৰ্ষ গীত পৰিবেশন কৰিব দ্বিপ্তী দেবী  শৰ্মা আৰু সদস্যা সকলে।দিনৰ ১০ বজাত সভানেত্ৰী মনোৰমা ভুঞা ৰ সভাপতিত্বত আৰু সম্পাদক বিনোৱা ৰাজবংশী ৰ উদ্দেশ্য ব্যাখ্যাৰে সাধাৰন সভা অনুষ্ঠিত হব।লগতে সাধাৰণ সম্পাদকৰ বাৰ্ষিক প্ৰতিবেদন পাঠ,কাৰ্য্যকৰি সভাৰ পৰা সাধাৰন সভালৈ প্ৰেৰিত প্ৰস্তাৱ পাঠ আৰু অনুমোদন। মঞ্চ ত উপবিষ্ট ব্যক্তি সকলৰ ভাষন আৰু সমজুবাৰ একাষাৰ তাৰ পাছত সভাপতিৰ মন্তব্য,শলাগৰ শৰাই আৰু জাতীয় সংগীত পৰিবেশন আৰু সভা পৰিসমাপ্তি ঘোষনা।