ৰথ যাত্ৰালৈ অহা বিদেশী ভক্তক গোলাঘাট নগৰৰ হোটেল কৰ্তৃপক্ষৰ অভব্য আচৰণ। নগৰৰ এৰেঙাপাৰা অঞ্চলৰ ড্ৰিমজ ইন নামৰ হোটেলখনৰ স্বাত্তাধীকাৰীয়ে দুৰ্ব্যৱহাৰৰ লগতে অভব্য আচৰণ কৰাৰ দূৰ্ভাগ্যজনক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ । আজি হোটেলখন বন্ধ কৰাৰ দাবীত ড্ৰিমজ ইন হোটেল ঘেৰাও কাৰ্যসূচীৰে উত্তাল কৰি তোলে । শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা উদযাপন সমিতি আৰু এৰেঙাপাৰৰ স্থানীয় ৰাইজে গোলাঘাট জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু গোলাঘাট পৌৰ সভাৰ পৌৰপতিক লিখিত অভিযোগ দাখিল কৰি হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে । মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো বিদেশী অতিথিক চুড়ান্ত অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰা এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গোলাঘাটৰ শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰা উদযাপন সমিতিয়ে । উল্লেখ্য যে , গোলাঘাট নগৰৰ শ্ৰীশ্ৰী জগন্নাথ ৰথ যাত্ৰালৈ নিমন্ত্ৰণ কৰি অনা ৰাছিয়া,ব্ৰাজিল,চিলি,

কলোম্বীয়া, আমেৰিকা, জাৰ্মান আদিৰ অতিথি ভক্তক ৰোৱা ১৯ জুনত হোটেলখনত থাকিবলৈ দিয়াৰ পাচত ড্ৰিমজ ইন হোটেলৰ স্বত্তাধিকাৰী নুমলীগড় শোধনাগাৰত কৰ্মৰত ত্ৰিদীপ বৰঠাকুৰৰ পত্নীয়ে অভব্য আচৰণ কৰাৰ লগতে আনকি খোৱাৰ বাবে বহিবলৈও ঠাই নিদি খোৱা চাফা কৰিবলৈ বাধ্য কৰাৰ দৰে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে । যোৱা নিশা সংঘটিত কৰা এনে দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে জানিব পাৰি ৰথ যাত্ৰা উদযাপন সমিতি সৰৱ হৈ পৰে । বিদেশী অতিথিৰ ওপৰত হোটেল কৰ্তৃপক্ষৰ এনে কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ দি ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে ।‌ ইফালে আৱাসীক এলেকাত হোটেলখন গঢ়ি তুলি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় ৰাইজে বন্ধ কৰাৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে । অন্যহাতে হোটেলখন চলোৱা ভালেকেইমাহ হ'ল যদিও কৰে ফাকি দিয়াৰ তথ্য উন্মোচিত হৈছে হোটেল কৰ্তৃপক্ষই দিয়া কেচ মিমোত। প্ৰকৃততে কোনো জি,এছ,টি নাই বুলি সাংবাদিকৰ আগত স্বীকাৰ কৰে ত্ৰিদীপ বৰঠাকুৰে । ইতিমধ্যে গোলাঘাট পৌৰ সভাই হোটেলখনৰ ট্ৰেড লাইচেঞ্ছ বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শীঘ্ৰেই হোটেলখন বন্ধ নকৰিলে জংগী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও ৰাইজ সাজু হোৱা বুলি জানিব পৰা গৈছে ।