ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ খাৰুৱাজানস্থিত সংহত বস্ত্ৰশিল্প উদ্যানত ৰবিবাৰে অষ্টম বাৰ্ষিক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু শিপিনী সমাৰোহ অনুষ্ঠিত হয়। অহা ২০ আগষ্টলৈ উদ্যান চৌহদত চলিব লগা বস্ত্ৰ মেলা বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্দোশে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষৰ হস্ততাত ক্ষেত্ৰখনক আগবঢ়াই নি বিশ্ববজাৰ দখল কৰাৰ ওপৰত বক্তব্য ৰাখে। সকলো বিভাগে পৰস্পৰে কাম কৰি হস্ততাঁত ক্ষেত্ৰখনক অধিক আগবঢ়াই নিব লাগিব বুলি কয়। তেওঁ নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ২০১৫ চনৰ ৭ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা হস্ততাঁত দিৱস আজি অষ্টম বছৰত ভৰি দিলে। এই দিৱসৰ জৰিয়তে দেশৰ শিপিনী সকলক আগুৱাই লৈ গৈ দেশৰ অৰ্থনীতি শক্তিশালী কৰাটোৱে মোদীৰ উদ্দেশ্যে বুলিও কয় মন্ত্ৰী গৰাকীয়ে। উন্নত আৰু বিভিন্ন ধৰণৰ ডিজাইন প্ৰস্তুত কৰি আমাৰ থলুৱা কাপোৰে কেনেকৈ বিদেশৰ বজাৰ দখল কৰিব পাৰে তাৰ ওপৰতো বক্তব্য ৰাখে। অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী জাৰ্দোশে বিটিআৰত হস্ততাঁত গাঁও (Handloom Village) নিৰ্মাণ কৰাৰ কথা দোহাৰে।

হস্ততাঁত গাঁওত যাতে একেলগে বহুত শিপিনীয়ে কাম কৰি বস্ত্ৰ উৎপাদন কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে টেক্সটাইল পাৰ্কৰ প্ৰশিক্ষণৰ কেন্দ্ৰবোৰ পৰিদৰ্শন কৰাৰ লগতে গছপুলি ৰোপণ কৰে। সভাত উদ্বোধনী ভাষণ ৰাখে অসমৰ হস্ততাঁত বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। সভাত অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই স্বদেশী আন্দোলনৰ পৰাই থলুৱা কাপোৰৰ প্ৰাসংগিকতা যে বৃদ্ধি পাইছে সেই বিষয়ে বক্তব্য ৰাখি  শিপিনীসকলক অধিক গুৰুত্ব দি বোৱা-কটা কামত আগবাঢ়ি যাবলৈ উৎসাহ যোগায়।

প্ৰায় দহ সহস্ৰাধিক শিপিনী উপস্থিত থকা সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বিটিআৰৰ ভিতৰত থকা তিনি লক্ষাধিক শিপিনীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস দি হস্ততাঁত বিষয়টো আমাৰ সংস্কৃতি, পৰম্পৰাৰ সৈতে জড়িত বুলি মত প্ৰকাশ কৰে। সভাত বিটিআৰৰ শ্ৰেষ্ঠ পাঁচ গৰাকী শিপিনী ক্ৰমে কোকৰাঝাৰ জিলাৰ মিতালী বসুমতাৰী, তামুলপুৰৰ বৈজয়ন্তী বড়ো, চিৰাঙৰ ৰূপালী মুছাহাৰী, বাক্সা জিলাৰ গংশ্ৰী লাহাৰী আৰু ওদালগুৰীৰ নমিতা দত্ত বৈশ্যক পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰে। ইয়াৰোপৰি কেবাগৰাকীও শিপিনীক পেহচান কাৰ্ড প্ৰদান কৰা হয়। সভাত বিধায়ক ভূপেন বড়ো, লৰেন্স ইছলাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য আৰু পাৰিষদ, বাক্সা জিলাৰ উপায়ুক্ত মাছান্দা মাগডলিন পাৰ্টীনৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।