মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ তথা গায়নৰ আজি পুৱা আকস্মিক মৃত্যু হয় ৷ উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট শিল্পী জনে ভাৰতবৰ্ষৰ দিল্লী , মুম্বাই , তামিলনাডু,কলিকতা , কেৰেলা , লক্ষ্ণৌ, পাঞ্জাব আদিত সত্ৰীয়া কলা সংস্কৃতি পৰ্দশন কৰি ৰাজ্যখনলৈ গৌৰব কঢ়িয়াই আনিছিল ৷ 

ইয়াৰ ওপৰিও ২০১৬ চনত ইংলেণ্ডৰ  ব্ৰিটিছ সংগ্ৰহালয়ত সত্ৰীয়া সংস্কৃতি পৰ্দশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ তেওঁ একেধাৰে উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ ১৭ বছৰকৈ সম্পাদক , ৬ বছৰ সভাপতি হিচাপে সততা আৰু নিষ্ঠাৰে কাৰ্য সম্পাদন কৰিছিল ৷  এই উদাসীন সত্ৰীয়া সংস্কৃতিৰ সাধক জন ৫৬ বছৰ বয়সতে আকস্মিক মৃত্যু হোৱাত সত্ৰখনৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী সহ ভকত বৈষ্ণৱ সকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷