চৰকাৰৰ জনপ্ৰতিনিধিয়ে নহয়।উৎকট গৰমকো নেওচি মৰনৈ পঞ্চায়তত ৰাইজে নিৰ্মাণ কৰিলে পথ আৰু দলং।

উন্নয়ন বিকাশ কৰা বুলি ফটা ঢোল বজাই অহা মিত্ৰজোঁট চৰকাৰৰ দিনৰ ঢকুৱাখনা বিধান সভা সমষ্টিৰ দৃশ্য এইয়া I কিমান বেপৰোৱা হ'লে এখন বাঁহৰ দলং আৰু এটা পথ নিৰ্মানৰ বাবে চৰকাৰী আঁচনি গ্ৰহণ নকৰি জীয়া যন্ত্ৰণা ভোগাই আহিব পাৰে কৃষিজীৱী ৰাইজক? 

ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ মৰনৈ চাপৰি আৰু নাগপুৰ গাঁৱৰ লগতে ৫ খন গাঁৱৰ ৰাইজৰ বৰ্হিজগতৰে সংযুক্ত একমাত্ৰ চমু গ্ৰাম্য পথ নাগপুৰ গাঁও,বৰজুল সংযোগী পথ। 

কৃষিজীৱী নাগৰিকৰ লগতে শিক্ষাৰ্থীসকলৰো দৈনিক যাতায়ত আৰু কৃষি কৰ্মথলীলৈ যাতায়তৰ অন্যতম ব্যস্ত পথটোৰ ওপৰত নহ'ল এখন দলং।

ভুক্তভোগী ৰাইজে বাৰম্বাৰ জনপ্ৰতিনিধিক অনুনয়-বিনয় কৰা পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়ে।

এনেবোৰ ভণ্ড জনপ্ৰতিনিধিৰ বিষয়াৰ দায়িত্বহীনতা,গুৰুত্বহীনতাৰ বাবে সীমাহীন যন্ত্ৰণা আৰু দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে ৰাইজে।

👉অৱশেষত এনেবোৰ জনপ্ৰতিনিধিলৈ বাট নাচাই গঞা ৰাইজে নিজে হাতেকামে লাগি ৰাজহুৱা শ্ৰম দানেৰে নিৰ্মাণ কৰে পথৰ বৃহৎ অংশ।

চৰকাৰী আচঁনিৰে পথ আৰু দলংখন নিৰ্মাণত তিলমানো গুৰুত্ব নিদিয়াত ৰাইজৰ প্ৰচণ্ড ক্ষোভ। 

কেৱল ভোট বিচাৰি আহি ৰাইজৰ সমস্যা দীৰ্ঘদিনীয়া বঞ্চনা প্ৰতাৰণাত অতিষ্ঠ কৃষিজীৱী গঞাই টঙালি বান্ধিছে উপযুক্ত সময়ত এসেকা দিয়াৰ ।