ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয় ,অসম চৰকাৰ আৰু ইউকো বেঙ্কৰ যৌথ প্ৰচেষ্টাত পৰিচালিত এক প্ৰকল্প 'গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান 'চমুকৈ আৰছেটি দৰং ১নং বেজপাৰা স্হিত নিজা প্ৰশিক্ষণ কেন্দ্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩০গৰাকী মহিলা- যুৱতী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা ৩০ দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হয়। দৰং জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যকৰী পৰিচালক পল্লৱ কোঁৱৰে প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰি প্ৰশিক্ষাৰ্থী সকলক সৌন্দৰ্য চৰ্চাৰ দিশ সমূহ ভালদৰে আয়ত্ত কৰাৰ লগতে জিলা খনৰ সৰ্বাঙ্গীন উন্নয়নৰ হেতু হাতে-হাত ধৰি আগুৱাই যোৱাৰ বাবে সকলোকে আহ্বান জনায়।মহিলা সবলীকৰণৰ দিশৰ উপৰত আলোকপাত কৰি আৰছেটিৰ স্বনিয়োজন প্ৰশিক্ষণৰ জৰিয়তে এজন সফল উদ্যোগী হ'বলৈ প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা জনাই তেওঁ কয় যে চৰকাৰৰ দক্ষতা বিকাশৰ আচঁনি সমূহ তেতিয়াহে সফল হ'ব যেতিয়া প্ৰশিক্ষাৰ্থী সকলে মানসিক ভাবে উদ্যমী ব্যক্তি হ'বলৈ নিজকে উপযুক্ত ভাবে গঢ় দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিব।
আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থকা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহ-পৰিচালক নীলিম বিহাৰী দাসে প্ৰশিক্ষাৰ্থী সকলক সকলো দিশত উপস্হাপনৰ যোগ্য হ'বলৈ মতামত ব্যক্ত কৰে।
আৰছেটিৰ সঞ্চালক বিজয় শৰ্মাই প্ৰশিক্ষাৰ্থী সকলে সফলতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি স্বনিয়োজনৰ সুফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰতিষ্ঠা বৰ্ষ ২০১২ ৰ পৰা চলিত বৰ্ষলৈ ৬৭৭৩ জন প্ৰশিক্ষাৰ্থীয়ে আৰছেটি দৰং ৰ পৰা স্বনিয়োজনৰ ভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰি উপকৃত হৈছে।
©SCNU-07062023/02