৫ জুন ২০২৩ দৰং জিলা বাসীৰ বাবে এটা ঐতিহাসিক দিন । প্ৰায় একহাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দৰং জিলাৰ বিভিন্ন উন্নয়ন মূলক আচঁনিৰ আধাৰশিলা স্থাপন/উদ্বোধন কাৰ্যসূচীত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ বিশেষ তৎপৰতাত বাস্তৱিক ৰূপ লাভ কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্গত মঙলদৈ সেউজ বাইপাছ নিৰ্মাণৰ শুভাৰম্ভ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰ্চুৱেলি কৰা কাৰ্যৰ লগত সংগতি ৰাখি ছিপাঝাৰ ,মঙলদৈ, কলাইগাঁও, আৰু দলগাঁও বিধানসভা সমষ্টি সামৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মঙলদৈ মহাবিদ্যালয় খেলপথাৰত আয়োজিত "বিকাশৰ এদিন" কাৰ্যসূচী ৰ বিশাল জনসভাত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে " চৰকাৰে বিকাশৰ এই অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিবলৈ দৃঢ়প্ৰতিজ্ঞ। অনাগত দিনত ঐতিহাসিক ভাবে সমৃদ্ধ দৰং জিলাৰ লগতে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত সমউন্নয়ণৰ দিশ ত্বৰান্বিত কৰা হ'ব।" 

উল্লেখযোগ্য যে প্ৰখৰ ৰ'দকো নেউচি ৰাইজৰ উপস্থিতি আছিল সৰ্বাত্মক।