↔️দৰং জিলাৰ কলাইগাঁও আৰু মঙ্গলদৈ বিধানসভা সমষ্টিৰ সংগমথলী ঔতলাৰ বাকৰিত নোৱানৈ-পৰীয়া সাংস্কৃতিক মঞ্চৰ উদ্যোগত পোনপ্ৰথমে বিগত ২০১৫ বৰ্ষত সফলতাৰে অনুষ্ঠিত হৈছিল ঔতলা মহোৎসৱ।

↔️ অঞ্চলটিৰ কৃষ্টি -সংস্কৃতি তথা বৃহত্তৰ ঔতলাবাসীক এনাজৰীৰে সংপৃক্ত কৰাৰ লক্ষ্য আৰু ঔতলা মহোৎসৱক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে উক্ত সভাখন অনুষ্ঠিত হয়। 

↔️ জ্ঞানম একাডেমীৰ সভাকক্ষত ঔতলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অমৰেন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাজহুৱা প্ৰস্তুতি সভাখন।

↔️ঔতলা মহোৎসৱ আয়োজন সন্দৰ্ভত উপস্হিত কেইবাজনেও বিভিন্ন দিশত ইতিবাচক মতামত দাঙি ধৰি উদ্যোক্তা সকলৰ প্ৰচেষ্টাৰ শলাগ লয়।

↔️ উদ্যোক্তা সকলৰ অন্যতম কন্ঠশিল্পী,যুৱ সমাজকৰ্মী হীৰকচানে মহোৎসৱ উদ্ যাপন সম্পৰ্কে এটি ৰূপৰেখা দাঙি ধৰে।

↔️ পৰৱৰ্তী সময়ত বিস্তাৰিত ৰূপত ৰাইজৰ সহযোগিতাৰে মহোৎসৱটিক ন-ৰূপত উদ্ভাসিত কৰা হ'ব।

(Local News)