ৰহা ৰ হাৰিয়ামুখ মুছলমান গাঁও ত আজি ৰেইনব ক্লাবৰ নবনিৰ্মীত ভবনৰ উদ্বোধন কৰাৰ লগতে ৯গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জনায়।

           ৰহা হাৰিয়ামুখ মুছলমান গাঁও ত কন কন শিশু সকলক শিক্ষা দিয়া, অঞ্চল খনক সাংস্কৃতিক ত ভাবে আগবঢ়ায় লৈ যোবাৰ উদ্দেশ্য ২০২১বৰ্ষত ৰহা হাৰিয়ামুখ মুছলমান গাঁও ৰ যুবক যুবতী ৰ লগতে ৰাইজৰ সহযোগত ৰেইনব ক্লাবৰ স্থাপন কৰা হয়।

  আজি এই ৰেইনব ক্লাবৰ নবনিৰ্মীত ভবনৰ উদ্বোধন সমাৰোহ অনুষ্ঠিত হয়।ৰেইনব ক্লাবৰ ফাওন্ডাৰ তথা উদ্যমান কন্ঠশিল্পী পৰসমনি দাসে আঁত ধৰা তথা গাঁও প্ৰধান ৰন্টু মুদৈৰ সভাপতিত্বত আৰু ৰেইনব ক্লাবৰ সভাপতি ইনামুল হোছেন ৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা সমাৰোহত  অঞ্চলৰ জ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী হীৰেন কুমাৰ নাথে ফিতাকাটি আৰু বিদ্যাদায়িনী মা সৰস্বতীৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি নবনিৰ্মীত ভবনৰ উদ্বোধন কৰাৰ লগতে ৰেইনব ক্লাবৰ তৰফৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ডিচটিংচন,লেটাৰ মাৰ্ক্স লৈ গৌৰব কঢিয়াই অনা ৯গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা ৰ লগতে উজ্বল ভবিষ্যতৰ কামনা কৰা হয়।লগতে ৰেইনব ক্লাবে জানিব দিয়ে যে প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে গাঁৱৰ কন কন শিশু সকলক শিক্ষা প্ৰদান কৰা হব।

সমাৰোহত আমন্ত্ৰিত অতিথি ৰূপে গাঁৱৰ জ্যেষ্ঠ নাগৰিক হৰিহৰ দাস,ৰিয়াজুল হোছেন,প্ৰদীপ ডেকা,সাংবাদিক দীপক কুমাৰ দাস,চয়েল খেতান,ৰেইনব ক্লাবৰ সম্পাদক প্ৰাঞ্জল দাস,প্ৰতিষ্ঠাপক সদস্য ৰেকিবুল হোছেন,অঞ্জন দাস ৰ লগতে ক্লাবৰ সদস্য সদস্যা আৰু গাঁৱৰ শতাধিক পুৰুষ মহিলা যুবক যুবতী, শিশু উপস্থিত থাকে।