বসন্ত নেওগ গায়ন এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক,বিশিষ্ট শিল্পী আছিল। ভাৰতবৰ্ষৰ দিল্লী,মুম্বাই ,হাইদৰাবাদ,তামিলনাডু,কেৰেলা,লক্ষ্ণৌ,কলিকতা,পঞ্জাৱ,আদি স্থানত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছিল।  ২০১৬ চনত সুদুৰ ইংলেণ্ডৰ বৃট্টিছ মিউজিয়ামত সত্ৰীয়া সংস্কৃতিৰ পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

উদাসীন জীৱন অতিবাহিত কৰা বসন্ত নেওগ গায়ন একেধাৰে এজন সুদক্ষ অভিনেতা,গায়ন,ওজাপালি শিল্পী,নামলগোৱা আছিল। সত্ৰীয়া সংস্কৃতিৰ সাধক,সাংস্কৃতিক সংগঠক,সমাজকৰ্মী,সংযমৰ ,আত্মনিৰ্ভৰশীল এগৰাকী উদাসীন বৈষ্ণৱ আছিল। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ ১৭ বছৰ সম্পাদক ৬ বছৰ সভাপতি হিচাপে নিষ্ঠা-সততাৰে নিস্বাৰ্থ সেৱা আগবঢ়াইছিল। বৰ্তমান কৃষ্ঠি সংঘৰ সন্মানীয় উপদেষ্টা হিচাপে দিহা-পৰামৰ্শ আগবঢ়াই সত্ৰখনিৰ সৰ্বদিশতে উত্তৰণৰ বাবে নিজকে উৎসগা কৰিছিল। তেৰাৰ পৰলোক সত্ৰখনৰ অপুৰণীয় ক্ষতি। তেৰাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি সত্ৰৰ সত্ৰাধিকাৰ সমূহ ভকত বৈষ্ণৱে গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ