আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে পাঁচটা বড়ো সংগঠনৰ সৈতে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ) চুক্তিৰ ধাৰাসমূহ কাৰ্যকৰীকৰণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। 

সূত্ৰ অনুসৰি, সংগঠনবোৰ হৈছে এবছু, ইউবিপিঅ' আৰু এনডিএফবিৰ ৩ টা গোটৰ নেতা।

এই সংগঠনসমূহৰ মুঠ ১২ জন লোকে কেন্দ্ৰৰ সৈতে আলোচনা কৰিব।

আজি বিয়লি ৪ বজাত নতুন দিল্লীৰ নৰ্থ ব্লকৰ পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত হ'ব।