# ঢকুৱাখনা তিনি শতাধিক মহিলা আৰু দুই সংগঠন উত্তাল প্ৰতিবাদ থানা চৌহদ #

ঢকুৱাখনা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি৷

১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাক হত্যাকাৰী ফাঁচীৰ দাবিত সোমবাৰে আবেলি তিনি শতাধিক মহিলা আৰু দুই সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ৷অসম পুলিচ হায়,হায়,ঢকুৱাখনা পুলিচ গ’বেক ধব্বনিৰে উত্তাল কৰি তুলিলে থানাৰ চৌহদ৷

যোৱা ১২ মে’ অৰ্থাৎ ঢকুৱাখনা ঐতিহ্যমণ্ডিত ফাটবিহুৰ প্ৰথম দিনাৰ নিশাত কোনোবা দুৰ্বৃত্তই টাউনৰ মাজতে মৰিয়াই মৰিয়াই হত্যা কৰি পেলাই থৈ যায়৷আজি ১১ দিন উকলি যোৱাৰ পিছতো ঢকুৱাখনা আৰক্ষী প্ৰশাসনে অৰুণ বৰুৱাক হত্যা কাৰীক কৰায়ত্ত কৰিব পৰা নাই৷