শিৱসাগৰত গাওঁৰক্ষী বাহিনীৰ বিশেষ সভা

শণিবাৰে শিৱসাগৰ থানা অন্তগত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত থানাঘাট গাওঁৰক্ষী বাহিনীৰ সহযোগত ৩৯৬ নং থানামুখ প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এখনি বিশেষ সভাৰ আয়োজন কৰা হয় | স্বাধীনতা দিৱসৰ প্ৰাক্ষণত  যাতে কোনো কুটাঘাট মুলক  কাৰ্য্যকলাপ সংঘটিত নহয় ইয়াৰ ওপৰত এই সভাখনি আয়োজন কৰা হয় |  সকলো গাওঁৰক্ষী বাহিনীয়ে যাতে সুচাৰুৰূপে দ্বায়িত্ব পালন কৰে এই বিষয়ে আলোচনা কৰা হয় | উক্ত সভাত আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাই ভাষণ প্ৰসংগত কয় গাওঁৰক্ষী  বাহিনী সমুহে অহনিশে আৰক্ষীক সুন্দৰ ভাৱে সহায় আগবঢ়াই আহিছে আৰু গাওঁৰক্ষী বাহিনীৰ অবিহনে আমাৰ বহু কামেই সম্ভৱ নহয় | গতিকে অনাগত দিন সমুহতো এনেদৰে সহায় আগবঢ়াই এই আহ্বান জনোৱা লগতে  স্বাধীনতা ৭৫ তম বছৰ অতিক্ৰম কৰা প্ৰাক্ষণত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় এই বিষয়ে নজৰ ৰাখিব আহ্বান জনাই আৰক্ষী অধীক্ষক গৰাকীয়ে | প্ৰধানমন্ত্ৰী নিৰ্দেশ মৰ্মে আজাদী কি অমৃত মহোৎসৱ লগত সংগতি ৰাখি ১২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ   ঘৰে ঘৰে জাতীয় পকতা উৰুৱাই  আহ্বান জনাই আৰক্ষী অধীক্ষক গৰাকীয়ে | চক্ৰসংগঠক অবেন দাসে আঁতধৰা এই অনুষ্ঠানৰ সভাপতিত্ব কৰে প্ৰৱীণ শইকীয়া | এই অনুষ্ঠানত আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা  ,  উপ আৰক্ষী অধীক্ষক ডেইজী গগৈ , অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ দেৱজিৎ নাথ ,  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগল কিশোৰ কলিতা , শিৱসাগৰ মহকুমা গাওঁৰক্ষী বাহিনীৰ উপদেষ্টা বিশ্বজ্যোতি ভূঞা , ৩ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ দিপু হাজৰিকা ,  সাংবাদিক প্ৰাঞ্জল পুজাৰী উপস্থিত থাকে | এই সভাত শিৱসাগৰ সদৰ থানা অন্তগত বহু গাওঁৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে |