১০৬নং সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত  সাপেখাটী মণ্ডলৰ হাটীপুখুৰীত আজি বিধায়ক এলেকা আছুতীয়া পুঁজিৰ অধীনত ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া হাতীপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহৰ  আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

উক্ত  আধাৰশিলা অনুষ্ঠানত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় দিলীপ কোঁৱৰ, কাজল দে, সাপেখাটী মণ্ডলৰ সভাপতি যতিন গগৈ, সম্পাদক শংকৰ বড়া, চফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন চেট্টী, সোনাৰি জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ, লংপটীয়া গাঁও পঞ্চায়তৰ সভাপতি হৰিশ্চন্দ্ৰ গগৈ ৰ লগতে পঞ্চায়তৰ  সদস্য-সদস্যাৰ লগতে দলীয় কাৰ্যকৰ্তা ও বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।