শ্ৰীমন্তশঙ্কৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্যতম ডেকাগিৰি আঞ্চলিক শাখাৰ আতিথ্যত আগন্তুক ২০২৩ বৰ্ষৰ ৪ আৰু ৫ ফেব্ৰুৱাৰীত পশ্চিম দৰঙৰ কটাহী ৰাইজঘাটৰ মুক্তিযুজাৰু ডেকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব৷ ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে দেওবাৰে ৰচিদ বহী উন্মোচন কৰা হয়৷ ৰচিদ বহী উন্মোচন কৰে দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই৷ আদৰনী সমিতিৰ সভাপতি ভবেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ ৰচিদ বহী উন্মোচন কৰা দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই শাৰীৰিক, মানসিক,অৰ্থনৈতিক ভাৱে সহায় সহযোগ থাকিলে নিশ্চিতভাৱে অধিবেশন সাফল্যমণ্ডিত হব বুলি মত প্ৰকাশ কৰে৷
সভাত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ উপপদাধিকাৰ বসুন্ধৰ ডেকা, পাথৰিঘাট বি জে পি মণ্ডলৰ সভাপতি গজেন কলিতা, বিশিষ্ট ব্যৱসায়ী ৰুক্ম বড়া, সৰাবাৰী পঞ্চায়তৰ সভানেত্ৰী চিন্টু মনি ডেকা, খটৰাসত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ মহন্তৰ লগতে ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰে৷