চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ কাৰ্য্যালয়ত আজি এক যোগদান কাৰ্যসূচী সম্পন্ন হৈ যায় ।এই যোগদান অনুষ্ঠানত মাহমৰা সমষ্টিৰ দিচাংপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়কোষ হাবিগাঁও ৱাৰ্ডৰ কংগ্ৰেচ দলৰ ৱাৰ্ড সদস্যজিতেন মূুড়া সহ বহু কেইগৰাকী কংগ্ৰেচ দলৰ সক্ৰিয় সদস্যই বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। কেবিনেট মন্ত্ৰী যোগেন মহনে আটাইকেউজনকে দলীয় পতাকা আৰু টুপীৰে উষ্ণ আদৰণি জনায়।
কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মৰাণহাটত যোগদান কাৰ্য্যসূচী, কংগ্ৰেছৰ ৱাৰ্ড সদস্যৰ লগতে বহুজনৰ বিজেপি দলত যোগদান।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/05/nerity_7861e4ab2f1bf1bbb6b031393d622509.jpg)